ভোগালীৰ পৰম্পৰা মাঘৰ মেজিঘৰ। আনে সাজিছে আমিও সাজিম। ঐক্য সংহতিৰে শংকৰ-মাধৱৰ আদৰ্শৰে ভোজভাত খাম আনন্দেৰে। মাতিম বৰপাইক, কণপাইক অৰিহণা তুলিম সমানে সমানে। নাথাকিব ধনী- দুখীয়াৰ ভেদাভেদ। মাঘৰ মেজিঘৰ,দূৰ হব বিভেদ।
কৃষকৰ পথাৰৰ বড়াধান কেইটা ভালকৈ শুকুৱাই, পিঠা-পনা বনাম। জেষ্ঠজনক গুৱা-পানেৰে সেৱা জনাম। উৰুকাৰ দিনা, পল,জাকৈ- খাৱৈ লৈ ন-পুখুৰীত, চিতল বৰালি মাছ বুটলিম। এনেদৰে প্ৰজন্মক পৰম্পৰাৰ জ্ঞান বিলাম। পথাৰৰ শালি ধানৰ নৰা কাটিম। এনেদৰেই গাঁৱত মাঘৰ মেজিঘৰ পাতিম।
আহিব বাৰ্ষিক সমন্বয়ৰ অসমীয়া বিহুটি। আগবাঢ়ক, সকলোৱে পাতো মাঘৰ মেজিঘৰ।
ความคิดเห็น